এজাক বৰষুণতে জলমগ্ন শিৱসাগৰৰ বাট-পথ

এজাৰ মুষলধাৰ বৰষুণে পাছতে কৃত্ৰিম বানৰ কৱলত শিৱসাগৰ চহৰৰ মাজমজিয়া।

বুধবাৰে পুৱাই অহা এজাক মুষলধাৰ বৰষুণে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মুক্তিনাথ চাৰিআলি, দ’লমুখ চাৰিআলি, যমুনা ৰোড, হেমচন্দ্ৰ বৰুৱা ৰোডকে ধৰি অ’এনজিচিৰ আবাসিক এলেকা জলমগ্ন হৈ পৰে।

কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকল স্কুল যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়।

উল্লেখ্য যে, চহৰৰ নলাসমূহ ভালদৰে চাফ- চিকুণ নোহোৱাত বৰষুণৰ পানীৰ বহন ক্ষমতা নোহোৱাৰ হৈছে। ফলত এজাক বৰষুণত তল যায় চহৰৰ বাট-পথসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *