আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্রসিদ্ধ আলোকচিত্র শিল্পী নলিনী বৰুৱাৰ তেজপুৰৰ বাৰহলিয়াস্থিত নিজ বাসভৱনত কালি দেহাৱসান ঘটে।
অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটাপ্রাপক শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৫ বছৰ। মৃত্য়ুৰ পূৰ্বে দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। উল্লেখযোগ্য যে, আলোকচিত্ৰৰ জৰিয়তে নলিনী বৰুৱাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য, লোকজীৱন, জনজাতীয় সংস্কৃতি আৰু সামাজিক ৰূপান্তৰৰ এক অনন্য ৰূপ বিশ্ববাসীৰ আগত দাঙি ধৰিছিল।
আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত প্ৰকাশ পোৱা অসমৰ একমাত্ৰ আলোকচিত্ৰ শিল্পী আছিল । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শোকপ্ৰকাশ কৰে।
আনহাতে বিধায়ক পৃথ্বীৰাজ ৰাভা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, তেজপুৰ বাণ থিয়েটাৰ, শোণিতপুৰ জিলা সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আনহাতে, আজি হজৰাপাৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্য্যদাৰে শিল্পীগৰাকীৰ নশ্বৰদেহৰ শেষকৃত্য সম্পন্ন কৰা হয়।