আছুৰ প্ৰতিবাদত উত্তাল শিৱসাগৰৰ ৰাজপথ৷
মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ আছুৱে নগৰৰ দলমুখ ছাৰিআলিত সাব্যস্ত কৰিলে প্ৰতিবাদ৷
ধাৰাবাহিক ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিমূৰ্তি দাহ৷
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰিৰ প্ৰতিমূৰ্তি দাহেৰে এই প্ৰতিবাদ৷
আৰক্ষীৰ কঠোৰ বাধাৰ মাজতেই সাব্যস্ত কৰিলে প্ৰতিবাদ৷
প্ৰতিবাদী কাৰ্য্যসূচীক নেতৃত্ব প্ৰদান কৰা জিলা সভাপতি মানৱ হাজৰিকাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰে৷