অষ্ট্ৰেলিয়াৰ বণ্ডী সমুদ্ৰ তীৰত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহতসকলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

অষ্ট্ৰেলিয়াৰ বণ্ডী সমুদ্ৰ তীৰত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহতসকলৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। নিহতসকলৰ আত্মীয়ৰ লগতে বিভিন্ন লোক সমবেত হৈ প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে।

বহুলোকে মম জ্বলাই, ফুলৰ থোপা প্ৰদান কৰি নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাও দেখা যায়। উল্লেখ্য যে, যোৱা দেওবাৰে এক পৰম্পৰাগত উৎসৱৰ সময়ত দুৰ্বৃত্তই চলোৱা নিৰ্বিচাৰ গুলীচালনাত ১৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহু লোক আহত হৈছিল।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে দেশখনৰ এই শোকৰ সময়ত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *