অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব’ণ্ডি সমুদ্ৰ তীৰত কালি এক অনুষ্ঠান চলি থকাৰ সময়তে অচিনাক্ত দুৰ্বৃত্তই কৰা গুলীচালনাত ১৫ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোক আহত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, গুলীচালনা কৰা দুৰ্বৃত্তৰ এজন নিহত হোৱাৰ উপৰি আন এজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, গুলীচালনাত জড়িত লোক দুজন সম্বন্ধত পিতা-পুত্ৰ।