ছিপাঝাৰ ৰাজপথত এখন অটোভানৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ।
কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকৰ।
ছিপাঝাৰ-টংলা সংযোগী অসম মালা পথৰ জয়পাল পাৰত সংঘটিত হয় এই দুৰ্ঘটনা।
অটোভানৰ পথৰ দাঁতিত থকা এজোপা বৃহৎ কৃষ্ণচূড়াৰ তলত বাহনৰ গৰাকী ফইজুল হকে বাহনখন ৰখোৱাৰ সময়তে হঠাতে বাগৰি পৰে
বাহনখনৰ যথেষ্ট ক্ষতি হোৱাৰ লগতে সামান্য আহত হয় ফইজুল হক।
স্থানীয় প্ৰশাসনৰ তৎপৰতাত গছজোপা আতঁৰোৱাৰ ব্যৱস্থা কৰা হয়।