বজালীৰ উদীয়মান যুৱক তথা যুৱ সাংবাদিক বুবু কলিতাৰ বিয়োগ

বজালীৰ উদীয়মান যুৱক তথা যুৱ সাংবাদিক বুবু কলিতাৰ বিয়োগ।

বজালীৰ উদীয়মান যুৱক তথা প্ৰতিভাশালী সাংবাদিক বুবু কলিতাৰ বিয়োগ।ভৱানীপুৰৰ নিকটৱৰ্তী পূৱহাটীত অৱস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে যুৱ সাংবাদিকগৰাকীয়ে।

বুবু কলিতা কেৱল এজন সাংবাদিকেই নাছিল, তেওঁ আছিল এজন উৎসাহী, নিষ্ঠাবান আৰু সমাজমুখী যুৱক আছিল। স্থানীয় সমস্যাসমূহক সঠিকভাৱে উন্মোচন কৰি জনসাধাৰণৰ আগত উপস্থাপন কৰাৰ ক্ষেত্ৰত তেওঁ সদায় আগভাগ লৈছিল। তেওঁৰ সংবাদ প্ৰতিবেদনসমূহে বহু সময়ত জনতাৰ কণ্ঠস্বৰ ৰূপে প্ৰতিফলিত হৈছিল। সেয়েহে তেওঁৰ এই অকাল বিয়োগে কেৱল তেওঁৰ পৰিয়ালক নহয়, সমগ্ৰ সমাজখনকো গভীৰ আঘাত দিছে। এটা ব্যক্তিগত চেলেনৰ সাংবাদদাতা হিচাপে কৰ্মৰত যুৱকজনৰ অকাল বিয়োগে সাংবাদিক মহলতো শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি তেওঁ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। বিভিন্ন চিকিৎসাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ লাহে লাহে অৱনতি ঘটিছিল। অৱশেষত তেওঁ জীৱন যুঁজত হাৰি নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *