ৰাজ্যত নতুন চৰকাৰ গঠনৰ যো-জা।
বিজেপি মিত্ৰজোঁটে ১০২খন আসন লাভ কৰাৰ পিছত এতিয়া চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত। নিয়ম অনুসৰিয়ে বিজয়ী দলে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ আগত চৰকাৰ গঠনৰ দাবী জনাব।
১০ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা। ৯ মে’ত পশ্চিম বংগত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে। ১০ মে’ত খানাপাৰাত নৱ নিৰ্বাচিত চৰকাৰে শপত লোৱাৰ সম্ভাৱনা আছে।
আজি বা কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত বহাৰ সম্ভৱনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। এই বৈঠকতে নতুন চৰকাৰ গঠনৰ লগতে আন আন বিষয় সন্দৰ্ভত আলোচনা হ’ব।