পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
মঙলবাৰে পুৱাই মহানগৰীৰ ভিআইপি ৰোডস্থিত বৰবাৰীৰ RSS ৰ মাণ্ডলীক কাৰ্যালয় সুদৰ্শনালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ।
উল্লেখ্য যে, পুৱাই মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে একেলগে সুদৰ্শনালয়ত উপস্থিত হোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷