“টকা পালে একাংশ সংখ্যালঘু ভোটাৰে গাহৰিও খাব” – দুলু আহমেদ

পুনৰ বিতৰ্কিত প’ষ্ট তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত হাজো-শুৱালকুছি সমষ্টিত শেষ হাঁহি মাৰিলে অগপৰ প্ৰাৰ্থী প্ৰকাশ দাসে।

তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে আক্ষেপেৰে বিৰোধীৰ সংখ্যালঘু ভোটাৰক লক্ষ্য কৰি এই সামাজিক মাধ্যমত পষ্ট – টকা পালে একাংশ সংখ্যালঘু ভোটাৰে গাহৰিও খাব। লগতে দুলু আহমেদে লিখিছে এনেদৰে-

আজিৰ পৰা হাজোৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰিলোঁ।

হাজোৰ সংখ্যালঘু লোক সকল ইমান বেয়ামান আৰু নীচ মানসিকতাৰ বুলি কেতিয়াও ভবা নাছিলো।যোৱা ১৭ বছৰে সকলো বিপদত মই সহায় কৰিলোঁ।কিন্তু ভোটৰ সময়ত ইহঁতবোৰে হাত,হাতী আৰু পদুম ফুল চিনি পায়। মই যেতিয়া ২০১৬ চনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিলোঁ তেতিয়া এই সংখ্যালঘু সকলে হাতীক ১৬ হাজাৰ অগপক,৬ হাজাৰ AIUDF ক আৰু প্ৰায় ১৫ হাজাৰ নিৰ্দলীয়ক ভোট দি বিভাজন কৰি মোক পৰাজয় কৰিছিল।

মই যেতিয়া ২০২১ চনত প্ৰতিদ্বন্দিতা কৰোঁ তেতিয়া এই সংখ্যালঘু সকলে ২৭ হাজাৰ ভোট দি বিভাজন কৰি মোক পৰাজয় কৰিছিল।এই লোক সকলেই ২০১১ চনত ৭৮ বিধায়কৰে অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ পিছতো কিৰিপ চলিহাৰ নিচিনা নেতাক পৰাজয় কৰাইছিল।এইবাৰ আকৌ হাজোৰ এই বেয়মান সংখ্যালঘু সকলেই হাজোত কোনো ধৰণৰ অৰিহণা নথকা নন্দিতা দাসক ভোট দিছিল।মই পৰাজয় হলো কিন্তু ভাল শিক্ষা এটা দি মনত শান্তি পালোঁ এই সংখ্যালঘু দালাল সকলৰ চিন্তা ধাৰাক।মই পোৱা ভোটৰ বাবেহে নন্দিতা দাস পৰাজয় হল মোৰ বাবে ইয়াতকৈ ভাল আৰু কি লাগে।

হাজোৰ এই সংখ্যালঘু লোক সকলে টকা পালে গাহৰি মাংসও ভক্ষণ কৰিব।ইহঁতবোৰৰ কোনো জাত নাই।ইহঁতবোৰক কেৱল টকা লাগে।হাজোত একাংশ সংখ্যালঘুৱে মূৰত টুপী,বগা কুৰ্তা পিন্ধি জাতিতোৰ নামত যি ধৰণে বেয়া কাম কৰি আছে ভাবিলে আচৰিত লাগে।এফালে মুখ্যমন্ত্ৰী গৰাকীয়ে দাড়ি টুপী পিন্ধা মানুহ উজনি অসমত আৰু গুৱাহাটী আহিব নোৱাৰে বুলি অখিল গগৈৰ কথাত মন্তব্য দিয়ে আৰু আনফালে হাজোৰ এই বেয়মান,জাতিৰ গাড্ডাৰ,দাড়ি টুপী পিন্ধা দালাল সকলে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৰাকীক সমৰ্থন কৰি পোৱামক্কাত দোৱা কৰে।কিমান বেয়মান হব পাৰে এইসকল।

হাজোৰ এই সংখ্যালঘু পাপী,বেয়মান লোক সকলে হাজোৰ আধিয়া পৰাত থকা মছজিদত মই নিৰ্মান কৰি দিয়া ২ লাখ টকীয়া চাদৰ তলত গৈ নামাজ পঢ়ে,দামপুৰৰ ঈদগাহ মৈদানত মই নিৰ্মান কৰি দিয়া লাখ টকীয়া গেটৰ তলৰে গৈ নামাজ পঢ়ে,শনীয়াদিত মই নিৰ্মান কৰি দিয়া পথেৰে লৈ যায় নিজৰ লৰা ছোৱালীবোৰক এই নিলাজ পাপী সকলে।তথাপিও ইহঁতৰ লাজ নাই যাৰ বাবে জাতিটোৰ আজি এই দুৰৱস্থা।এতিয়াৰ পৰা হাজোত ডাঙৰ ডাঙৰ উচ্ছেদ দেখিবলৈ পাব এই সংখ্যালঘু দালাল সকলে আৰু মই ভিতৰুৱা কৈ আগভাগ লম এই কাৰ্যত,ৰাজনীতি কাক কৈ দেখাম মই আজিৰ পৰা।

বি:দ্ৰ: মোৰ এই মন্তব্য আৰু ক্ষোভ হাজোৰ বাহিৰে অন্য জিলাৰ কোনো সংখ্যালঘুৰ বিৰুদ্ধে নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *