ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিশ্বনাথত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন। জিলাখনৰ তিনিটা সমষ্টিৰ ভোট গণনা হ’ব জিলা আয়ুক্তৰ কাৰ্যালয়ত।

বিশ্বনাথ জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৭০ নং বিশ্বনাথ, ৭১ নং বিহালী আৰু ৭২ নং গহপুৰ বিধান সভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, বিশ্বনাথ সমষ্টিৰ বাবে ১৪ খন টেবুলত ১৭ টা ৰাউণ্ড, বিহালী সমষ্টিৰ বাবে ১২ খন টেবুলত ১৭ টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ’ব। লগতে গহপুৰ সমষ্টিৰ বাবে ১২ খন টেবুলত ১৯ টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ’ব। ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে ভোট গণনাৰ বাবে প্ৰস্তুত কৰা তিনিটাকৈ কোঠাত চি চি কেমেৰা লগোৱা হৈছে। ইপিনে বিশ্বনাথ জিলাৰ তিনিওটা সমষ্টিৰ মুঠ ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৪ মে’ সোমবাৰৰ দিনটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *