জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত আজি সতী ৰাধিকা মহোৎসৱ পালন কৰা হয়৷ মহোৎসৱত সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন হৈছে। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে এই দাবী উত্থাপন কৰিছে।।
সঞ্জীৱ দাসে কয় যে, কৈৱৰ্ত কুলৰ মহীয়সী আই সতী ৰাধিকাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে দাসে আইগৰাকীৰ নামত শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ কৰিছো।। একেটা দাবী গৱেষক জুৰী শইকীয়াও উত্থাপন কৰে। কাযৰ্সূচী অনুসৰি আজি পুৱা প্রাতঃ প্রসঙ্গ, পৰিবেশ নিকাকৰণ, গামোচা উত্তোলন, সদৌ অসম ভিত্তিত সতী ৰাধিকা সন্দৰ্ভত থিতাতে লিখা ৰচনা আক চিত্রাংকন প্রতিযোগিতা, খোল প্রসঙ্গ, নাম প্রসঙ্গ আৰু প্রসাদ বিতৰণ কৰা হয়৷ বিয়লি ২ বজাত শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই সভাপতিত্ব কৰা মুখ্য কাৰ্যসূচী ধর্মালোচনী সভা অনুষ্ঠিত হয়৷ সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰচাৰক জগত বণিয়া৷ বিশিষ্ট অতিথিহিচাপে উপস্থিত থাকে গৱেষক জুৰী শইকীয়া৷
৫-৩০ বজাত শ্রীশ্রীনৰোৱা সত্ৰ আৰু শ্রী শ্রী শলগুৰি সত্ৰৰ গৃহস্থৰ পদূলিত বস্তি প্রজ্বলন কৰা হ’ব৷ সন্ধিয়া ৮ বজাত নগাঁৱৰ পাঞ্চজন্য শিল্পী সমাজে মহাপুৰুষ শ্রীশ্রীশঙ্কৰদেৱ গুৰুজনাৰ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’ পৰিবেশন কৰিব৷