মেজিক আৰু ডি আই বাহনৰ মাজত মুখামুখি সংঘর্ষ

মহানগৰীৰ মঠঘৰীয়াৰ উৰণীয়া সেতুৰ ওপৰত মাজনিশা ভয়ংকৰ পথ দুর্ঘটনা।

মেজিক গাড়ী আৰু ডি আই গাড়ীৰ মাজত মুখামুখি সংঘর্ষ।

সংঘর্ষত মেজিক বাহনখনৰ সম্মুখভাগ চেপেটা হৈ পৰে আৰু চালকজন আবদ্ধ হৈ পৰে।

চালকজনৰ চিঞৰ বাখৰত পথচাৰী সকলে আগবাঢ়ি আহি বাহনখনৰ সম্মুখ ভাগ টানি চিধা কৰি চালক জনক গাড়ীৰ ভিতৰৰ পৰা জীৱন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে চালকজন গুৰুতৰভাবে আহত হয়।

আহত চালকজনক আৰক্ষীয়ে সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰাই।

আহত চালক জন হৈছে বামুনিমৈদামৰ কৈলাশপুৰৰ ৰত্নেশ্বৰ পাঠক ।বুলি জানিব পৰা গৈছে

দুর্ঘটনাপতিত বাহন দুখনৰ নম্বৰ as25cc-6283 আৰু as01-hc-5781।

নুনমাটি আৰক্ষীয়ে জব্দ কৰে বাহনদুখন।

Leave a Reply

Your email address will not be published. Required fields are marked *