২৭ বছৰ উল্লেখনীয় সেৱা আগবঢ়োৱাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে মহাকাশ সংস্থাটোৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছে।
চলিত মাহৰ ২৭ তাৰিখে উইলিয়ামছৰ কাৰ্যকালৰ অন্ত পৰিব। নাছাই প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে, সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৩ বাৰ অভিযানত গৈছিল আৰু প্ৰায় ৬০৮ দিন মহাকাশত কটাইছিল। উল্লেখ্য যে, মহাকাশত মাৰাথন দৌৰ সম্পূৰ্ণ কৰা প্ৰথমগৰাকী মহাকাশচাৰী হৈছে সুনীতা উইলিয়ামছ।
ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ২০০৬ চনত মহাকাশলৈ উৰা মাৰিছিল। শেহতীয়াকৈ ২০২৪-২৫ বৰ্ষত তেওঁ মহাকাশ অভিযান কৰিছিল।
ইয়াৰ উপৰি নাছাৰ হৈ তেওঁ মহাকাশচাৰীক প্ৰশিক্ষণ প্ৰদান, ভৱিষ্যতৰ চন্দ্ৰলৈ অভিযানৰ বাবে মহাকাশচাৰীক সাজু কৰা আদি কাৰ্যও কৰিছিল।