গুৱাহাটীত বৰঝাৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে সন্ধিয়া ৫.২০ বজাত গুৱাহাটীত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্ৰীগৰাকীক জনোৱা হয় উষ্ম আদৰণি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্রধানমন্ত্ৰী মোদীক জনালে আদৰণি।

প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০,০০০ শিল্পীয়ে পৰিৱেশন কৰিব বড়ো জনগোষ্ঠীৰ ঐতিহ্যবাহী নৃত্য ‘বাগুৰুম্বা’।

পুনৰ বিশ্ববাসীয়ে দেখিব অসমৰ বিনন্দীয়া সংস্কৃতি। খাম, চিফুং, জথা আৰু জাপশ্ৰিঙৰ শব্দত মুখৰ হ’ব সৰুসজাই।

Leave a Reply

Your email address will not be published. Required fields are marked *