‘‘চাকৰি পোৱাসকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব৷ যিসকলে বিয়া পাতিছে তেওঁলোকে সোনকালে সন্তান জন্ম দিয়ক৷ উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো’’

আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিলে ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ। আজি অসম চৰকাৰে প্ৰদান কৰিলে ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তিপত্ৰ।।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ। 

গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত ৩,৩৭৪ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। 

নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘চাকৰি পোৱাসকলে এবছৰৰ ভিতৰত বিয়া পাতি বিয়াৰ চিঠি মোলৈ পঠাব৷ যিসকলে বিয়া পাতিছে তেওঁলোকে সোনকালে সন্তান জন্ম দিয়ক৷ উজনিৰ ফালে ৰাস্তাত সৰু ল’ৰা-ছোৱালী নেদেখাই হ’লো৷ ধুবুৰী, গোৱালপাৰাৰ ফালে গ’লে এখন ঘৰতে ৭-৮টা সন্তান আছে৷’’ প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷

লগতে চাকৰি পোৱা সকলৰ পৰিয়ালত যদি অৰুণোদয় আছে সেয়া এৰি দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷ চাকৰিৰ প্ৰথম দৰমহাৰে পিতৃ-মাতৃক উপহাৰ দিবলৈ মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *