কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ Astro Tourism আৰু Astro photographyৰ সংযোজন!

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ Astro Tourism আৰু Astro photographyৰ সংযোজন ঘটিব বুলি উদ্যান কৰ্তৃপক্ষই সম্ভাৱনা ব্যক্ত কৰিছে।

উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে বুঢ়াপাহাৰ ৰেঞ্জ ইয়াৰ বাবে আটাইতকৈ উপযুক্ত স্থান বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইফালে, প্ৰাগজ্যোতিষ Amateur Astronomers Associationৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ বৰুৱাই সৌৰজগতৰ বিষয়ে অধ্যয়নৰ ক্ষেত্ৰত বুঢ়াপাহাৰ বনাঞ্চল উপযোগী ঠাই বুলি মন্তব্য কৰে।

Astro Tourism আৰু Astro photographyৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ৫ আৰু ৬ জানুৱাৰীত বুঢ়াপাহাৰ বনাঞ্চলত এখন কৰ্মশালাও অনুষ্ঠিত হয়।

এই কৰ্মশালাত ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষ, DFO অৰুণ ৱিগনেছ, বনাঞ্চলিক বিষয়া নিলয় বৰুৱা, প্ৰাগজ্যোতিষ Amateur Astronomers Associationৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ বৰুৱাৰ লগতে কেইবাগৰাকীও গণ্য-মান্য লোক উপস্থিত থাকে। 

Leave a Reply

Your email address will not be published. Required fields are marked *