মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ;থিতাতে নিহত এজন,আহত দুজন

পৰ্বতঝোৰাৰ মাক্ৰীঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মালবাহী মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়।

সংঘৰ্ষত থিতাতে নিহত এজন আনহাতে গুৰুতৰ ভাৱে আহত হয় দুজনকৈ লোক।আহত লোক দুজনক সংকজনক অৱস্থাত ততাতৈয়াকৈ DMCH লৈ প্ৰেৰণ কৰে।

মৃত লোক জন গীয়াছ উদ্দিন (৫০) বুলি চিনাক্ত কৰা হৈছে।আহত লোক দুজন ক্ৰমে লালচান্দ শেষ,ৰেহান মুস্তাফিক বুলি জানিব পৰা গৈছে।

মালবাহী মেজিক খনৰ নম্বৰ AS- 16- AC- 6571, আনহাতে ট্ৰাক খনৰ নম্বৰ NL-01-K-6624

Leave a Reply

Your email address will not be published. Required fields are marked *