শিৱসাগৰৰ শুকানপুখুৰীৰ বৰ্ণ কুটীৰ শিল্পগ্ৰামত মুখা শিল্পৰ ১০ দিনীয়া বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰশিক্ষণত গুৰুজনা মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টি ৰাজিৰ অন্যতম উপাদান “মুখা” নিৰ্মাণৰ সকলো দিশ সামৰি লোৱা হৈছে।
প্ৰশিক্ষণ শিৱিৰত ১০ গৰাকী প্রশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। মুখা শিল্পী সুজিত বৰুৱাই প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈছে। ২৪ ডিচেম্বৰত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিব।