সলনি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা

সলনি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা।

পল্টনবজাৰ বিপৰীতে ৰূপনগৰত আজি মুকলি কৰা হ’ল ASTCৰ মুখ্য কাৰ্যালয়।

পৰিবহন মন্ত্ৰী চৰন বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো।

উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, উপাধ্যক্ষ প্ৰনবজ্যোতি লহকৰৰ লগতে পৰিবহন নিগমৰ বিষয়া কৰ্মচাৰী।

নতুন বছৰত ASTCত সংযোজন হব নতুন ১০০খন বাছ। মুখ্যমন্ত্ৰীয়ে নতুন বছৰত মুকলি কৰিব বাছ সেৱা

জালুকবাৰীত নতুনকৈ নিৰ্মান কৰা হব অত্যাধুনিক ISBT। ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।

ইফালে বেতকুছিস্থিত ISBTক উন্নীত কৰা হব

Leave a Reply

Your email address will not be published. Required fields are marked *