১২ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে দহদিনীয়াকৈ ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হৈছে চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলা।
শনিবাৰে সন্ধিয়া গ্ৰন্থমেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকক সন্তানক অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ হাতত কিতাপ তুলি দিবলৈও আহ্বান জনায়।