লিয়নেল মেছিৰ GOAT ইণ্ডিয়া ভ্ৰমণৰ কালি নিশা হায়দৰাবাদত সামৰণি পৰে।
উপ্পালৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত মেছি, ডি পল আৰু ছুৱেৰেজৰ কালজয়ী উপস্থিতিৰ সাক্ষী হ’ল হায়দৰাবাদবাসী। আৰ্জেণ্টিনাৰ ফুটবলৰ কিংবদন্তিগৰাকীয়ে চাবলৈ লোকে লোকৰণ্য হৈ পৰিছিল ষ্টেডিয়ামখন।
অনুষ্ঠানৰ শেষত খেলুৱৈসকলৰ সৈতে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আনুমুল্লা ৰিভান্ট ৰেড্ডীয়ে সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।
৭ এ চাইড প্ৰদৰ্শনীমূলক খেলৰ বিজয়ী দলটোক মেছিয়ে GOAT কাপ প্ৰদান কৰে। পৰৱৰ্তী সময়ত ফুটবলৰ কিংবদন্তি মেছিয়ে নিজা কৌশল প্ৰদৰ্শনেৰে উপস্থিত দৰ্শকক আনন্দ দিয়ে।