পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰি সত্ৰ নগৰী মাজুলী৷ মাজুলীৰ জলাশয়সমূহত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই ৷
ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰসমূহৰ লগতে মাগুৰমাৰি বিল, চৰাইচোং, ঔ ডুবি, ৰাৱনাপাৰপুখুৰী, দৰীয়া ডুবি, টুনী নৈৰ লগতে জিলাখনৰ বিভিন্ন জলাশয়সমূহলৈ অহা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ স্বার্থত জিলা বন বিভাগেও বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷