ছিংগাপুৰ বা ছিংগাপুৰা নামটো প্ৰকৃততে সংস্কৃতৰ পৰা উদ্ভৱ হৈছিল

ছিংগাপুৰৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ উল্লেখ কৰিছে যে ছিংগাপুৰ বা ছিংগাপুৰা নামটো প্ৰকৃততে সংস্কৃতৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে ‘Lion City.’ ইয়াৰ লগতে তেওঁ কয় যে ১৮৬৭ চনলৈকে ছিংগাপুৰ এই অঞ্চলৰ ব্ৰিটিছ কৰ্তৃপক্ষৰ দ্বাৰা স্বতন্ত্ৰভাৱে পৰিচালিত হোৱা নাছিল বৰঞ্চ কলিকতাৰ পৰা পোনপটীয়াকৈ প্ৰশাসনিক পৰিচালনা কৰা হৈছিল, যিয়ে ঔপনিৱেশিক ভাৰতৰ সৈতে গভীৰ প্ৰশাসনিক সম্পৰ্ক প্ৰতিফলিত কৰিছিল। প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে ছিংগাপুৰৰ কম পৰিচিত ঐতিহাসিক দিশসমূহৰ প্ৰতি বহুতৰে মনত এক আগ্ৰহৰ সৃষ্টি কৰিছে।

বিশেষকৈ প্ৰাচীন ভাৰতীয় ভাষা আৰু সামুদ্ৰিক বাণিজ্যিৰ সৈতে থকা ইয়াৰ সাংস্কৃতিক সংযোগৰ প্ৰতি এক নতুন আগ্ৰহৰ সৃষ্টি কৰিছে। ইতিহাসবিদসকলে উল্লেখ কৰে যে ইউৰোপীয়সকলৰ আগমনৰ পূৰ্বেই সমগ্ৰ দক্ষিণ-পূব এছিয়াত সংস্কৃতৰ প্ৰভাৱ আছিল আৰু ইয়াক মন্দিৰৰ স্থাপত্য, শিলালিপি আৰু আঞ্চলিক স্থানসমূহৰ নামত দেখা পোৱা যায়। সামাজিক মাধ্যমতো বহুলোকে এই সন্দৰ্ভত আচৰ্য্য প্ৰকাশ কৰি কয় যে ভাৰতৰ সৈতে ছিংগাপুৰৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ পিছতো এনে ইতিহাস কেতিয়াও বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *