ৰাষ্ট্ৰপতি হাতেৰে ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা উজলিল অসমৰ সংস্কৃতি

নতুন দিল্লীৰ বিজ্ঞান ভৱনত মঙলবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে ২০২৩-২৪ বৰ্ষৰ হস্তশিল্প বঁটা প্ৰদান কৰে।

বঁটা বিতৰণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ সংস্কৃতি। অনুষ্ঠানত মাজুলীৰ বাপুকণ পায়েং আৰু কাৰ্বি আংলঙৰ ছাবিনা তেৰংপিয়ে এই বঁটা লাভ কৰে।

হস্তশিল্পীৰ কর্মৰাজি তথা প্রতিভাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে দেশৰ ৪৬ গৰাকী হস্তশিল্পীক এই বঁটা প্ৰদান কৰা হয়। কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা এই অনুষ্ঠানত উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *