ডিব্ৰুগড়ৰৰ আকাশত বায়ু সেনাৰ পৰাক্ৰম প্ৰদৰ্শন

২০২৫ চনৰ বিজয় দিৱস উদযাপনৰ অংশ হিচাপে ডিব্ৰুগড়ৰ বায়ুসেনা ষ্টেচন মোহনবাৰীত ভাৰতীয় বায়ুসেনাই কাৰ্গিল, ঢাকা যুদ্ধৰ বিজয়ৰ স্মৃতিত এক এয়াৰ শ্ব’ প্ৰদৰ্শন কৰে।

মুখ্য কাৰ্যালয় ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত আকৰ্ষণীয় উৰণ প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ কাৰিকৰী দক্ষতা, নিখুঁততা প্ৰদৰ্শন কৰা হয়।

আকাশী প্ৰদৰ্শনত চোখয়, ছু-৩০, যুঁজাৰু বিমান, এণ্টন’ভ এন-৩২ পৰিবহণ বিমান, চিনুক হেভি-লিফ্ট হেলিকপ্টাৰ আৰু মিগ-১৭ হেলিকপ্টাৰকে ধৰি বহু শক্তিশালী বিমানেৰে প্ৰদৰ্শন কৰা হয়। লগতে অনুষ্ঠানটোত ১৯৭১ চনৰ যুদ্ধৰ স্মৃতিৰ বহু প্ৰতিচ্ছবি, ইতিহাস সম্বলিত বহু তথ্য প্ৰদৰ্শন কৰা হয় ।

ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ‍্যোগত আয়োজন কৰা এই বিজয় দিৱসত এয়াৰ চীফ মাৰ্শ্বেল অমৰপ্ৰীত সিং মুখ্য অতিথি ৰূপে উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *