অৰুণাচল প্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪জন ব্যক্তিৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

অৰুণাচল প্ৰদেশত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪জন ব্যক্তিৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ।

তিনিচুকীয়া জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখি সকলো আৱশ্যকীয় সহায়-সমৰ্থন প্রদান কৰি থকাৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সাহায্য আৰু উদ্ধাৰকাৰী দলে চিনাক্ত নোহোৱা ব্যক্তিসকলক উদ্ধাৰ কৰিবলৈ ক্ষিপ্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ চিকিৎসা সহায়ৰ প্ৰয়োজন হোৱাসকলক উন্নত চিকিৎসাৰ সকলো ব্যৱস্থা কৰা হৈছে৷

এই কঠিন সময়ত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *