ৰঙিয়াৰ মৰাণজনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

ৰঙিয়াৰ মৰাণজনাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাইকৰ খুন্দাত আহত ট্ৰাক চালক। RJ06 GC 2503নম্বৰৰ ট্ৰাক খনৰ আহত চালক গৰাকীৰ ভাষ্য অনুসৰি বেটাৰী বিকল হোৱাৰ বাবে ৰঙিয়া চহৰৰ পৰা নতুন বেটাৰী আনিবলৈ গৈছিল চালকজন।

কিন্তু বেটাৰী টো আনি ২৭ নং ঘাইপথৰ মৰাণজানাত ৰখাই থোৱা ট্ৰাকখনৰ ওচৰলৈ পথ পাৰ হবলৈ গৈ থাকোতে AS 01DN 9722 তীব্ৰ বেগী বাইক এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে চালকজনক।

ফলত ট্ৰাক চালক জনৰ লগতে দুয়ো জন বাইক আৰোহী আহত হয়। লগে লগে স্থানীয় ৰাইজৰ সহযোগত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰন কৰে। ইতিমধ্যে ঘটনা স্থলীত ৰঙিয়া আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত বাইকখন উদ্ধাৰ কৰে।