নাস্তিক ভূপেন বৰাৰ কমেডি কিং কপিল শৰ্মা হোৱাৰ মনঃ মন্ত্ৰী পীযুষৰ নতুন মন্তব্য

গুৱাহাটী, ৩০ ছেপ্তেম্বৰ: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বোলে নাস্তিক । তেওঁৰ বোলে কমেডি কিং কপিল শৰ্মা হ’বৰ মন ৷ এই মন্তব্য প্ৰায়ে ভূপেন বৰাৰ সৈতে ৰাজনৈতিক সমালোচনাৰ স্নায়ু যুঁজত অৱতীৰ্ণ হোৱা মন্ত্ৰী পীযুষ হাজৰীকাৰ।

ভূপেন বৰা আৰু পীযুষ হাজৰীকাৰ মাজৰ বাকযুদ্ধই আকৌ আকৰ্ষণীয় মাত্ৰা লাভ কৰিছে ।

শনিবাৰে ভূপেন বৰাক ৰাম নাম নল’বলৈ আহ্বান কৰিছিল মন্ত্ৰী পীযুষ হাজৰীকাই । “ভূপেন বৰা নাস্তিক, তেওঁ ৰাম নাম ল’বই নাপায় । সৌ সিদিনা তেওঁ ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজাইছিল ৷ যি হিন্দু ধৰ্মৰ কথা বেয়াকৈ কয় তেওঁ ৰাম নাম মুখত ল’বই নাপায় ৷ তেওঁক মই ভগৱান ৰামচন্দ্ৰৰ নাম নল’বলৈ অনুৰোধ জনাইছো,” এই মন্তব্যৰে ভূপেন বৰাক কটাক্ষ কৰে পিযুষ হাজৰীকাই ৷ শেহতীয়াকৈ ভগৱান ৰামচন্দ্ৰৰ উদাহৰণেৰে পীযুষ হাজৰীকাক আক্ৰমণ কৰিছিল ভূপেন বৰাই ৷ তাৰে প্ৰত্যুত্তৰত এই মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

আনহাতে, একেটা মন্তব্যতে ভূপেন বৰাক দেশৰ কমেডি কিং কপিল শৰ্মাৰ সৈতে ৰিজালে মন্ত্ৰী হাজৰীকাই । পীযুষ হাজৰীকাৰ মতে কপিল শৰ্মাৰ দৰেই কমেডি কৰে হেনো ভূপেন বৰাই । ৰাজনৈতিক প্ৰচাৰৰ গুৰুত্ব লাভ কৰাৰ উদ্দেশ্যৰে টিভিত ওলাবৰ বাবে পুৱাই বোলে ভূপেন বৰাই ভাবে দিনটোত তেওঁ কি কমেডি মন্তব্য কৰিব ৷ মন্ত্ৰী হাজৰীকাৰ মতে, “ভূপেন বৰাই কোৱা কথাবোৰ কমেডি সদৃশ, সেয়া জনসাধৰণে গুৰুত্ব সহকাৰে নলয় ৷ ৰাইজে বৰাৰ কথা শুনি হাঁহিৰ খোৰাক পায় ।”

পীযুষ হাজৰীকাৰ এই শ্লেষাত্মক মন্তব্যক কি দৰে এতিয়া ভূপেন বৰাই কিদৰে গ্ৰহণ কৰে সেয়া হ’ব মন কৰিবলগীয়া ।