তামাৰহাটৰ ভাটিপেটলা গাঁৱত মৰ্মান্তিক ঘটনা।
প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ ঘটাৰ পাছতে প্ৰেমিকাৰ ঘৰত প্ৰেমিকৰ চীপলৈ আত্মহত্যা। প্ৰেমিকাৰ ঘৰৰ বাৰাণ্ডাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ।
জানিব পৰা মতে, তামাৰহাটৰ উত্তৰ কাচখানা গাঁৱৰ চন্দন প্ৰধানী নামৰ যুৱকজনৰ সৈতে ভাটিপেটলা গাঁৱৰ এগৰাকী কিশোৰীৰ বিগত প্ৰায় ৩ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্কৰ সূত্ৰে দুয়োটা পৰিয়ালৰ মাজতো আছিল আহ-যাহ।
কিন্তু অভিযোগ অনুসৰি, হঠাৎ কিশোৰীগৰাকীৰ পৰিয়ালে চন্দন প্ৰধানীৰ সৈতে বিয়া দিয়াত সন্মতি নিদিলে। ইয়াৰ পাছতে দুয়োৰে সম্পৰ্কত বিচ্ছেদৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ মাজতে যোৱা নিশা কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল চন্দন প্ৰধানী। আজি পুৱা কিশোৰীগৰাকীৰ ঘৰৰ বাৰাণ্ডাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় চন্দন প্ৰধানীৰ মৃতদেহ। ঘটনাৰ বিষয়ে পাগলাহাট আৰক্ষীক অৱগত কৰাৰ পাছতে দণ্ডাধীশ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
ইফালে ঘটনাৰ পাছতে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোক ঘৰ এৰি পলায়ন কৰাৰ অভিযোগ উঠিছে।
যুৱকজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে।
ঘটনাৰ উচিৎ তদন্ত বিচাৰিছে চন্দন প্ৰধানীৰ পৰিয়ালৰ লোক আৰু অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে ।