ADREক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, চতুৰ্থ বৰ্গৰ পদত অগ্ৰাধিকাৰ পাব স্থানীয় প্ৰাৰ্থীয়ে

ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণৰ পৰিকল্পনা।

শুকুৰবাৰে বিশ্বনাথত ADREৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ADREৰ জৰিয়তে চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদান কৰিলে এখন জিলাৰ প্ৰাৰ্থী আন এখন জিলালৈ নিযুক্তি লাভ কৰাৰ পৰিস্থিতি সৃষ্টি হয়। ফলত স্থানীয় প্ৰাৰ্থীৰ বাবে সুযোগ সীমিত হ’ব পাৰে।এই সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰে এক বিশেষ নীতি প্ৰস্তুত কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীৰ মতে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদসমূহ যিমান সম্ভৱ সংশ্লিষ্ট অঞ্চলৰ ভিতৰতে ৰখাৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে।

ইফালে, এই নতুন নীতিৰ বিষয়ত বিভিন্ন পৰ্যায়ত আলোচনা চলি থকাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এই নীতিৰ বাবেই ADRE পৰীক্ষা অনুষ্ঠিত কৰাত বিলম্ব হোৱা বুলি তেওঁ ইংগিত দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *