আলুৰ বস্তাৰ তলত ইউৰিয়া সাৰ সৰবৰাহৰ চেষ্টা; জব্দ ৩৫০ বস্তা চোৰাং ইউৰিয়া সাৰ

এইবাৰ আলুৰ বস্তাৰ তলত ইউৰিয়া সাৰ সৰবৰাহৰ চেষ্টা চোৰাং ব্যৱসায়ীৰ।

আলুৰ বস্তাৰ তলত লুকুৱাই পশ্চিম বংগৰ পৰা মিজোৰামলৈ সৰবৰাহৰ সময়ত কাছাৰৰ লাইলাপুৰত জব্দ কৰা হয় ৩৫০ বস্তা চোৰাং ইউৰিয়া সাৰ।

গোপন তথ্যৰ‌ ভিত্তিত লাইলাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাকৰ গগৈৰ নেতৃত্বত আৰক্ষীয়ে লাইলাপুৰ চেকগেটত অভিযান চলাই এখন বাৰ চকীয়া ট্ৰাকৰ পৰা জব্দ কৰে সাৰৰ বস্তা সমুহ। আলুৰ বস্তাৰ তলত লুকুৱাই ৩৫০ বস্তা সাৰ মিজোৰামলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে। আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলাই জব্দ কৰে অবৈধ চোৰাং সাৰখিনি।

আৰক্ষীৰ মতে, কোনো বৈধ নথি নথকা বাবেই সাৰখিনি জব্দ কৰা হয় । ইফালে,চোৰাং সাৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি দুজন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সাতপাৰা গাৱৰ শ্বাহ আলম আৰু হুছেইন আলী বুলি সদৰী কৰিছে আৰক্ষীয়ে। এই সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি‌ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *