পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য
আজি পুৱাই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰিলে পবিতৰা অভয়াৰণ্য।
অভয়াৰণ্যখনত হাতী আৰু জীপ চাফাৰীৰ সুবিধা উপলব্ধ যদিও বৰ্তমান জীপ চাফাৰীহে পৰ্যটকৰ বাবে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূৰ্বৰ ২০ খন জীপৰ লগত পুনৰ ১৬ খন নতুন জীপ সংযোগ কৰি ৩৬ খনলৈ বৃদ্ধি কৰা বুলি বনমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত পবিতৰা অভয়াৰণ্যত বৰ্তমান গঁড়ৰ সংখ্যা প্ৰায় ১০৭ টা।
ইয়াৰ উপৰিও বনৰীয়া ম’হ, বন গাহৰি, হৰিণ, শহাপহু আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বাবে নিতৌ আহে দেশী বিদেশী পৰ্যটক।