হিমাশ্ৰী বড়োক ন্যায় প্ৰদানৰ দাবীত যোৰহাটত আছুৰ মমশিখা সমদল

যোৰহাট ষ্টেডিয়ামৰ পৰা ছাত্ৰ সন্থাৰ মমশিখা সমদল । হিমাশ্ৰী বড়োক ন্যায় প্ৰদান আৰু নাৰীৰ মৰ্যদা – সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত এই সমদল ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাই ষ্টেডিয়ামৰ পৰা নগৰৰ মাজেৰে উলিয়াই এই মমশিখা সমদল । এই সমদলত অংশ গ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ দুটাই দাবী হিমাশ্ৰী বড়োক ন্যায় প্ৰদান কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰক , পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰক ।

শেহতীয়া ছটা মাহত পূৰ্বতকৈ বৃদ্ধি পাইছে মহিলাৰ ওপৰত অত্যাচাৰ । কেতিয়াবা যদি পত্নীক হত্যা কৰি ফ্ৰীজত ভৰোৱা হৈছে , কেতিয়াবা আকৌ প্ৰেমিকে হত্যা কৰিছে প্ৰেমিকাক । ইয়াৰ উপৰিও প্ৰতিদিনে স্বামীৰ হাতত অত্যাচাৰ সহিব লগা হৈছে পত্নীয়ে । আৰু মহিলাক সুৰক্ষা দিব নোৱাৰা চৰকাৰক তীব্ৰ সমালোচনা কৰি এনেদৰে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ কৰ্মীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *