বজালীৰ পাঠশালাত দ্বিতীয় বাৰ্ষিক দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বজালীৰ পাঠশালাত আৰম্ভ হৈছে দুৰ্গোৎসৱক লৈ ব্যাপক প্ৰস্তুতি।
পূজা সমিতিসমূহে ইতিমধ্যে পূজাৰ আয়োজনক লৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে।
বৃহত্তৰ পাঠশালা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক দুৰ্গোৎসৱক লৈ গ্ৰহণ কৰা হৈছে ব্যাপক প্ৰস্তুতি।
সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই দুৰ্গোৎসৱক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ পূজা সমিতিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
ইতিমধ্যে পূজাস্থলীত বিশাল অস্থায়ী মন্দিৰৰ লগতে তোৰণ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিছে।
পূজাৰ দিনকেইটাত ভক্ত আৰু দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি শৃংখলাবদ্ধ পৰিৱেশ, নিৰাপত্তা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে পূজা সমিতিয়ে।
ইয়াৰ জৰিয়তে পূজাৰ আনন্দৰ সমান্তৰালভাৱে স্থানীয় ব্যৱসায়ী আৰু উদ্যোগীসকলেও নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ সুযোগ লাভ কৰিব।