বিজনীৰ মাটিয়াপাৰাত তিনিটাকৈ বাঘৰ আতংক

বিজনীৰ মাটিয়াপাৰাত তিনিটাকৈ বাঘৰ আতংক!

চিৰাঙৰ বিজনীৰ মাটিয়াপাৰাত তিনিটাকৈ বাঘৰ আতংকত আতংকিত স্থানীয় ৰাইজ।

নিশাৰ ভাগত জনবসতিপূৰ্ণ অঞ্চলটোত তিনিটাকৈ বাঘ প্ৰত্যক্ষ কৰাৰ দাবী স্থানীয় ৰাইজৰ।

ঘৰৰ কাষৰ ধাননি পথাৰত আশ্ৰয় লৈ আছিল বাঘকেইটা।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় পাণবাৰী ফৰেষ্ট ৰেঞ্জৰ বনকৰ্মী।

অঞ্চলটোত বনকৰ্মীয়ে চলায় বিচাৰ-খোচাৰ।

কিন্তু বৰ্তমানলৈকে বাঘকেইটাৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে।

ইফালে, স্থানীয় ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বন বিভাগৰ কৰ্মীসকলে।

বিজনীৰ মাটিয়াপাৰাত বাঘৰ আতংকক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *