সষ্টম দিল্লী আৰক্ষী। যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদৰ পূৰ্বেই আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী, অভিজিত দীপক, সৌৰভ দাস আৰু আশুতোষ ৰাংকাসহ কেইবাজনো লোকক
প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ পৰা দিল্লীলৈ অহা অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে আৰক্ষীৰ জিম্মালৈ যায়।
দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীৰ এটা দলে বিমানৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক যন্তৰ মন্তৰলৈ যাবলৈ বাধা প্ৰদান কৰিছিল। কিন্তু তেওঁলোকে আৰক্ষীৰ পৰামৰ্শ মানি নোলোৱাত বিমানৰ ভিতৰৰ পৰাই আটক কৰা হয় বুলি সূত্ৰটোৱে দাবী কৰে
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকলক বিমানৰ ভিতৰৰ পৰাই আটক কৰা হয়। আৰক্ষীয়ে বুজাবলৈ যোৱাৰ সময়ত অভিজিত দীপকেই কৈছিল যে তেওঁ নিজেই গ্ৰেপ্তাৰ হ’বলৈ আহিছে। পৰৱৰ্তী সময়ত তেওঁলোকক ডিটেনচন চেণ্টাৰলৈ নিয়া হ’ব পাৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে।ইফালে, CJP-এ এক বিবৃতিৰ জৰিয়তে অভিজিৎ দীপকে আৰু তেওঁৰ সহযোগীসকলক আটক কৰা কাৰ্যৰ গৰিহণা দিছে। দলটোৰ অভিযোগ, প্ৰস্তাৱিত প্ৰতিবাদস্থলীলৈ নেতাসকলক যোৱাত বাধা দিবলৈ পৰিকল্পিতভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে, এই কাৰ্যক দেশৰ ভিতৰত মুক্তভাৱে অহা-যোৱা কৰাৰ অধিকাৰৰ পৰিপন্থী বুলি অভিহিত কৰি আটকাধীন নেতাসকলৰ তাৎক্ষণিক আৰু চৰ্তবিহীন মুক্তিৰ দাবী জনাইছে দলটোৱে।পুৱাই আটক হৈছিল ইউটিউবাৰ ধ্ৰুৱ ৰাথী
অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকলক আটক কৰাৰ পূৰ্বে শনিবাৰে পুৱাই ইউটিউবাৰ ধ্ৰুৱ ৰাথীকো আৰক্ষীয়ে আটক কৰিছিল।