‘‘ৰাইজৰ অভাৱ-অভিযোগ আমি পূৰণ কৰিছো। আমি ২ লাখ চাকৰি দিমেই”- মুখ্যমন্ত্ৰী

আজিৰে পৰা নগাঁৱত নিৰ্বাচনী প্ৰচাৰ ব্যস্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি মঞ্চত নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে।

আজি তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক সংগ দিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰিকাই আৰু দিলীপ শইকীয়াই।

ৰহাত নিৰ্বাচনী নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বিধানসভাত শশীকান্ত দাসক জয়ী কৰোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। এইবাৰ দেৱাশীষ শৰ্মাক ৫০ হাজাৰ ভোটত জিকাব লাগিব। মোৰ বিশ্বাস দেৱাশীষ শৰ্মা ৫০ হাজাৰ ভোটত জিকিব। ‘‘ৰাইজৰ অভাৱ-অভিযোগ আমি পূৰণ কৰিছো। আমি ২ লাখ চাকৰি দিমেই। আমাৰ দুখীয়া ল’ৰা-ছোৱালীয়ে চাকৰি পাবই লাগিব। দেৱাশীষ শৰ্মাক জয়ী কৰাওক, মই আৰু শক্তি পাম। দুৰ্গা পূজাৰ সময়ত অৰুণোদয়ত মহিলাসকলে ১৫০০ টকাকৈ পাব। ৰেচন কাৰ্ডত ১০০ টকাতে পাব দাইল-চেনী-নিমখ লাভ কৰিব। শীঘ্ৰে ৰেচন কাৰ্ডৰ জৰিয়তে ৰাইজে লাভ কৰিব মিঠাতেল।’’

Leave a Reply

Your email address will not be published. Required fields are marked *