চামগুৰিৰ গেন্ধালী আদৰ্শ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ। নিশা বন্যহস্তীৰ এটা জাকে গাঁৱখনত প্ৰৱেশ কৰি কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীও নষ্ট কৰে।
জানিব পৰা মতে, বন্যহস্তীয়ে গেন্ধালী আদৰ্শ গাঁৱৰ জগুৰাম দাস নামৰ লোকজনৰ বাসগৃহত আক্ৰমণ চলোৱাৰ লগতে আন কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলায়। নিশা শুই থকা অৱস্থাতে বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ চলোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ সদস্যসকল।
ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও বন্যহস্তীয়ে তেওঁলোকৰ বাসগৃহত আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰিছে। কিন্তু আজিকোপতি চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।
ইফালে, বন্যহস্তীৰ অব্যাহত উপদ্ৰৱৰ ফলত চামগুৰিৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া নিশা উজাগৰে কটাবলগীয়া হৈছে।