হাজোৰ জাপিয়াত ঠিকাদাৰ জাকিৰৰ সাম্ৰাজ্যত আৰক্ষী আৰু RPFৰ বৃহৎ অভিযান।
ৰে’ল বিভাগৰ পৰা চুৰি কৰা বৃহৎ পৰিমাণৰ তাঁৰ উদ্ধাৰ হাজোৰ জাপিয়াত।
উল্লেখ্য যে, হাজোৰ জাপিয়াত বিগত তিনিদিন ধৰি চলি আছে RPF আৰু আৰক্ষীৰ অভিযান।তিনিদিন পূৰ্বে জাপিয়াৰ জাকিৰ আলী নামৰ এজন ঠিকাদাৰ ঘৰত চলিছিল অভিযান।উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ ৰে’লৱেৰ চোৰাং সামগ্ৰী।
গুৱাহাটী মালিগাঁৱৰ মুখ্য কাৰ্যালয়ৰ পৰা চুৰি হৈছিল বৃহৎ পৰিমানৰ ৰে’লৰ সামগ্ৰী।ৰে’লৱেৰ সামগ্ৰী চুৰি কাৰ্য্যত ঠিকাদাৰ জাকিৰ মূল নায়ক বুলি জনালে RPFয়ে।
বৰ্তমানলৈ ঘটনাৰ লগত জড়িত ৯জনকৈ লোকক আটক।ঠিকাদাৰ জাকিৰসহ আন কেইবাজনো বৰ্তমান পলাতক।পলাতক জাকিৰ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু RPFয়ে।