ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । ৰঙিয়া ষ্টেচনৰ সমীপৰ অতিথি হোটেলত প্ৰেমিকে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ প্ৰেমিকাক। হত্যাকাণ্ডৰ পাছতে অভিযুক্ত প্ৰেমিকে নিজেও চৰমপথ লোৱাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, একেখন হোটেলতে আছিল দুই প্ৰেমিক-প্ৰমিকা। প্ৰাপ্ত তথ্য অনুসৰি, ‘মালা নী’ নামৰ নিহত যুৱতীগৰাকী চেন্নাইৰ পৰা আন দুগৰাকী বান্ধৱীৰ সৈতে আহি ৰঙিয়াৰ ‘অতিথি’ হোটেলখনৰ ১১১ নম্বৰ কোঠাত নিশাৰ বাবে আশ্ৰয় লৈছিল। ইফালে, ওদালগুৰিৰ ৰৌতাৰ পৰা অহা অভিজিত কিণ্ডু নামৰ যুৱকজনে হোটেলখনৰে ১১০ নম্বৰ কোঠাটো লৈছিল।

নিশা তিনিগৰাকী বান্ধৱী একেলগে ১১১ নম্বৰ কোঠাতে আছিল যদিও পিছলৈ মালা নী নামৰ যুৱতীগৰাকী প্ৰেমিক অভিজিতৰ ১১০ নম্বৰ কোঠালৈ যায়। নিশা প্ৰেমিকৰ সৈতে একেলগে থকাৰ পাছত কোনো কাৰণত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়। ইয়াৰ পাছতেই অভিজিতে এক চোকা কেঁচিৰে মালা নীক নৃশংসভাৱে হানি-খুচি হত্যা কৰে। প্ৰেমিকাক হত্যা কৰাৰ পাছত অভিযুক্ত অভিজিত কিণ্ডুৱে নিজেও নিজৰ শৰীৰত আঘাত কৰি আত্মহননৰ চেষ্টা চলায়।

এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত অভিজিৎ কিণ্ডু নামৰ যুৱকজনক ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰঙিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। হোটেলখনৰ কোঠা পৰীক্ষা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত বিভিন্ন তথ্য-প্ৰমাণ সংগ্ৰহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *