শ্বিলঙত এদিনৰ বাবে গাঁওবুঢ়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এদিনৰ বাবে গাঁওবুঢ়া হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰেজিমেণ্টৰ তৰফৰ পৰা গাঁওবুঢ়াৰ সন্মান।মুখ্যমন্ত্ৰীলৈ

শনিবাৰে শ্বিলংৰ আছাম ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ গৈছিল ড০ হিমন্ত বিশ্ব শৰ্মা। তেতিয়াই তেওঁক ৰেজিমেণ্টৰ তৰফৰ পৰা দি হৈছিল এই সন্মান।

শ্বিলংস্থিত আছাম ৰেজিমেণ্টেল চেণ্টাৰত এদিনৰ বাবে গাঁওবুঢ়া হ’ব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ ক্ষণ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। এই ভ্ৰমণকালত তেওঁক পিন্ধাই দিয়া বস্ত্ৰত লিখা আছিল ‘গাঁওবুঢ়া’ শব্দটো।

এই অভিজ্ঞতাৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিলে এইদৰে- ‘গাঁওবুঢ়া’— শব্দটিক সযত্নে সন্মান সহকাৰে পৰম্পৰাৰ দৰে পালন কৰি আহিছে আছাম ৰেজিমেণ্টে। অসম তথা উত্তৰ-পূবৰ গাঁওসমূহৰ চিনাকি ‘গাঁওবুঢ়া’ শব্দটি আমি স্বাভাৱিকতে জানো। কিন্তু আছাম ৰেজিমেণ্টে শব্দটিক সামৰিক ক্ষেত্রকো অতি সন্মানজনক অভিধাৰ ৰূপত প্রকাশ কৰি আমাৰ স্বকীয় পৰম্পৰাক ৰাষ্ট্রীয়-আন্ত:ৰাষ্ট্রীয় পর্যায়তো উজলাই ৰাখিছে বছৰ-বছৰ ধৰি…
কালি শ্বিলংস্থিত আছাম ৰেজিমেণ্টেল চেণ্টাৰত এদিনৰ বাবে ‘গাঁওবুঢ়া’ হ’বলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ ক্ষণ। আমাৰ সমাজ জীৱনৰ এই বিশেষ অভিধাৰে অতিথিক আদৰাৰ এই স্মৰণীয় অভিজ্ঞতাৰ বাবে আছাম ৰেজিমেণ্টলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *