জানমণি গুছি গ’ল অজান দেশলৈ ।
সকলোৰে মৰমৰ জানমনিৰ মৃত্যুত এতিয়া সমগ্ৰ ছিপাঝাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।
হাঁহি মাতি থকা জানমণিৰ জীৱনলৈ দুদিন পূৰ্বে হঠাৎ নামি আহিল ঘোৰ অমানিশা।
গুৱাহাটীৰ ৰাজপথত এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাক যেন সহজে মানি ল’ব পৰা নাই অঞ্চলবাসীয়ে।
গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ অজান দেশলৈ গুচি গ’ল ছিপাঝাৰ ভূক্তাবাৰীৰ জানমণি বৰুৱা।
সকলোৰে হৃদয়ত মৰম থকা ছোৱালীজনীৰ নিথৰ দেহ নিজ বাসগৃহত আহি পোৱাৰ লগে লগে সৃষ্টি হয় এক অবৰ্ণনীয় পৰিবেশৰ।