অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত

ধুবুৰীত অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।

নিশা ধুবুৰী আৰক্ষীয়ে বৃহৎ অভিযান চলাই এখন এল্টো বাখহস চাৰিটা গো-ধন উদ্ধাৰ কৰে।

ধুবুৰী চহৰৰ ওচৰৰ বগুলামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰক্ষীয়ে চলায় এই অভিযান ।

অভিযানৰ সময়ত AS01AJ5828 নম্বৰৰ এল্টো বাহনখনত চাৰিটা গৰু অবৈধভাৱে সৰবৰাহ কৰাৰ সময়ত জব্দ কৰে

এমকো ৰোড বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *