তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন প্ৰকাশ আগৰৱালাৰ দেহাৱসান


তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট ব্যৱসায়ী নিৰঞ্জন প্ৰকাশ আগৰৱালাৰ দেহাৱসান।

দেওবাৰে বিয়লি প্ৰায় ৪ বজাত স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। বিগত কেইবামাহো ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকী চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

গুৱাহাটীৰ পৰা প্ৰকাশিত এখন আগশাৰীৰ হিন্দী দৈনিক কাকতত তেজপুৰৰ সংবাদদাতা হিচাপে সুদীৰ্ঘ ১৫ বছৰ ধৰি অত্যন্ত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। ১৯৭৯ চনতেই স্বাৱলম্বনৰ বাট বাছি লৈ তেজপুৰ চহৰৰ এন বি ৰোডস্থিত পুৰণি অনন্ত চিনেমা গৃহৰ সমীপত নিজাকৈ এখন টায়াৰৰ দোকান খুলি ব্যৱসায়িক জীৱন আৰম্ভ কৰিছিল।

সাংবাদিকতা আৰু ব্যৱসায়ৰ উপৰিও তেওঁ তেজপুৰৰ মাৰোৱাৰী সমাজৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। বিশেষকৈ তেজপুৰত হনুমান জয়ন্তী উদযাপনৰ আৰম্ভণিৰ পৰাই তেওঁ গুৰুত্বপূৰ্ণ নেতৃত্ব বহন কৰিছিল।

আজি নিশা ৮ বজাত তেজপুৰৰ ‘মুক্তি ধাম’ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

তেওঁৰ মৃত্যুত শোণিতপুৰ জিলা সাংবাদিক সন্থা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী আৰু স্থানীয় মাৰোৱাৰী সমাজ সহ বহু সামাজিক সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *