বানাক্ৰান্তলৈ সহায়ৰ হাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৩ প্ৰাক্তন ন্যায়াধীশৰ

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।

এইবাৰ ৰাজ্যৰ বানাক্ৰান্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৩ গৰাকী প্ৰাক্তন ন্যায়াধীশ। প্ৰাক্তন ন্যায়াধীশ কেইগৰাকীয়ে তেওঁলোকৰ সাঁচতীয়া ধনৰ কিছু অংশ একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়াইছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ন্যায়াধীশ সকলৰ এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজিলৈ দান আগবঢ়োৱা গুৱাহাটী উচ্চ ন্যায়লয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সকল হল-

প্ৰশান্ত কুমাৰ ডেকা – ৫০,০০০ টকা


টিনলিয়ান্থাং বৈফেই ৫০,০০০ টকা


মীৰ আলফাজ আলী -২৫,০০০ টকা


হৰেশ্বৰ বৰুৱা -২৫,০০০ টকা


চিত্তৰঞ্জন শৰ্মা -২৫,০০০ টকা


ৰুমী কুমাৰী ফুকন -২৫,০০০ টকা


দিনেন্দ্ৰ বিশ্বাস -২৫,০০০ টকা


প্ৰহ্লাদৰায় জি. আগৰৱালা -২৫,০০০ টকা


অনিমা হাজৰিকা – ৫০,০০০ টকা


হিতেশ কুমাৰ শৰ্মা – ২৫,০০০ টকা


মনোজিত ভূঞা- ২৫,০০০ টকা


হীৰেন্দ্ৰ নাথ শৰ্মা – ২৫,০০০ টকা


অৰূপ কুমাৰ গোস্বামী-২৫,০০০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *