আজি পহিলা ভাদ, হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ

আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন, ভক্ত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ।
পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে বৰ নামঘৰ

পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দিন। ৰাজ্যৰ ধৰ্মীয় পীঠস্থান সমূহৰ লগতে যোৰহাট জিলাৰ ১৪৫০ শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত আজি পুৱাৰে পৰা ভক্তি ৰসত মুখৰিত হৈ পৰিছে।

পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা মাহজোৰা চাৰি প্ৰসংগিয়া পাল নামৰ আজিৰে পৰা আৰম্ভ হৈছে। পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি চলাইছে বৰ নামঘৰ পৰিচালনা সমিতিয়ে।

নামঘৰৰ প্ৰাংগনত আজিৰ পৰা জিলা প্ৰশাসন,যান বাহন ৰাখিবৰ ব্যৱস্থা, চিকিৎসা সেৱা আদি সকলো ব্যস্ত হোৱা দেখা গৈছে। পবিত্ৰ ভাদ মাহত গুৰু দুজনাৰ তিৰোভাৱ তিথি‌,শ্ৰী কৃষ্ণৰ জন্মাষ্টমী,চাৰি প্ৰসঙ্গীয়া পাল নাম আজিৰে পৰা ১ আহিনলৈ আয়োজন কৰা হৈছে। এইবাৰ নামাচা হিচাপে আছে বটৰ গঞা সত্ৰৰ অৱনী গোস্বামী দেৱ।

উল্লেখ্য যে ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাইৰ পৰা জাতি, ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা বৈষ্ণৱ সকলে আহি পবিত্ৰ ভাদ মাহত সেৱা লয়। এই ঢেকীয়াখোৱা বৰ নামঘৰত।পুৱাৰ পৰা নিশালৈকে চলা চাৰি প্ৰসঙ্গীয়া পাল নাম, নিশালোকে ভিৰ কৰেহি প্ৰতি বছৰে। এইবাৰ উজনি বান বিভিষীকাত মৃত্যু হোৱা প্ৰতিজন লোকৰ চিৰ শান্তি কামনা কৰি ৰাজ্যখনৰ মঙ্গল কামনাৰে সেৱা ল’বলৈ নামঘৰ পৰিচালনা সমিতিয়ে ভক্ত বৈষ্ণৱৰ উপস্থিতি পূৰ্বৰ দৰে এইবাৰো কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *