ৰৈ থকা স্কুটিক মহতিয়াই নিলে তীব্ৰবেগী ডাম্পাৰে;আহত এজন

চামগুৰিৰ ডাউন টাউন ৰিজৰ্টৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা। আৰ এছ গান্ধী কুঁৱেৰীৰ পৰা ওলাই অহা চিপচ ভৰ্তি তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে। পথৰ কাষত ৰৈ থকা স্কুটিক

অভিযোগ অনুসৰি, আৰ এছ গান্ধী কুঁৱেৰীৰ পৰা তীব্ৰ বেগেৰে ওলাই অহা ডাম্পাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰৈ থকা স্কুটিখনত খুন্দা মাৰে। দুৰ্ঘটনাটোৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত হবিবুল ইছলাম নামৰ এজন যুৱকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *