গৌৰীপুৰ বজাৰত এ টি এম কাৰ্ড সলনি কৰি ধন আত্মসাৎ কৰাৰ ঘটনা।ঘটনাৰ সন্দৰ্ভত দুজন অভিযুক্তক আটক আৰক্ষীৰ
ঘটনাৰ বিৱৰণী অনুসৰি, চলিত বৰ্ষৰ ৩ আগষ্ট, ২০২৬ত ছানোৱাৰ আলী আৰু আমিৰ আলী নামৰ দুই অভিযুক্তই গৌৰীপুৰ বজাৰস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)-ৰ এটিএমত এগৰাকী মহিলা গ্ৰাহকৰ এটিএম কাৰ্ড কৌশলেৰে সলনি কৰি দিয়ে। পিছত সেই কাৰ্ড ব্যৱহাৰ কৰি গৌৰীপুৰস্থিত HDFC বেংকৰ এটিএমৰ জৰিয়তে চাৰিটা পৃথক লেনদেনৰ মাধ্যমেৰে ভুক্তভোগীৰ বেংক একাউণ্টৰ পৰা ৩৫ হাজাৰ টকা আত্মসাৎ কৰে।
৬ আগষ্টত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে তৰঘাটস্থিত আমিন হোটেলৰ পৰা দুই অভিযুক্তক আটক কৰে। তেওঁলোকৰ দখলৰ পৰা বিভিন্ন ব্যক্তিৰ নামত থকা ৫খন এটিএম কাৰ্ড আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে আটক কৰা দুই অভিযুক্তত জেৰা চলাই।জেৰাৰ সময়ত আমিৰ আলীয়ে নিজৰ বাসগৃহত আৰু অধিক চুৰি কৰা এটিএম কাৰ্ড আৰু আত্মসাৎ কৰা ধনৰ এটা অংশ লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বাসগৃহত তালাচী চলাই আৰু ৭খন বিভিন্ন ব্যক্তিৰ এটিএম কাৰ্ড আৰু নগদ ২০ হাজাৰ টকা উদ্ধাৰ কৰে। অভিযুক্তই উদ্ধাৰ হোৱা এই ধন ভুক্তভোগীৰ একাউণ্টৰ পৰা আত্মসাৎ কৰা ধনৰ অংশ বুলি স্বীকাৰ কৰে।
আৰক্ষীৰ জেৰাত অভিযুক্তই উদ্ধাৰ হোৱা এটিএম কাৰ্ডসমূহো একেধৰণৰ এটিএম কাৰ্ড সলনি কৰি প্ৰতাৰণা (ATM Swapping Fraud) কৌশলৰে বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰা বুলি স্বীকাৰোক্তি দিয়ে। অভিযানত মুঠ ১২খন বিভিন্ন ব্যক্তিৰ এটিএম কাৰ্ড, দুটা মোবাইল ফোন আৰু নগদ ২০ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে।
ঘটনাটোৰ সৈতে জড়িত আন কোনো ব্যক্তি বা বৃহত্তৰ প্ৰতাৰণা চক্ৰ জড়িত আছে নেকি, সেই দিশত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।