ঐতিহাসিক মদনমোহন গোঁসাই থান সত্ৰত চুৰিকাণ্ড; চুৰি ধনসহ গ্ৰেপ্তাৰ ধৃত চোৰ

বজালীৰ ভৱানীপুৰ আৰক্ষীৰ অভিযান ।

শ্ৰীশ্ৰী মদনমোহন গোসাঁই থান সত্ৰৰ চুৰিকাৰ্যত জড়িত দুই চোৰক গ্ৰেপ্তাৰ।লগতে চোৰৰ পৰা জব্দ কৰে সত্ৰৰ পৰা চুৰি কৰা নগদ ধন।

গ্ৰেপ্তাৰ হোৱা চোৰ দুজন চিৰাং জিলাৰ শিলপাত গাঁৱৰ খাইয়াৰ উদ্দিন শ্বেখ (৩৯) আৰু আনজন চিৰাং জিলাৰ ২নং দেংচিয়াৰাৰ মহুৰুদ্দিন মণ্ডল (২৯) বুলি জানিব পৰা গৈছে

উল্লেখ্য যে, যোৱা ২২ জুলাইত সত্ৰখনত সংঘটিত হৈছিল চুৰিকাৰ্য।চোৰে সত্ৰৰ দান পাত্ৰ ভাঙি চুৰি কৰিছিল দান পাত্ৰৰ ধন।এমাহৰ ভিতৰত দুবাৰকৈ সত্ৰখনত সংঘটিত হৈছিল চুৰি কাৰ্য ।

চুৰিকাৰ্য সংঘটিত কৰা আটাইকেইটাই চোৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *